মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি নিযুত ম‍ইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি দুপৰীয়া ১২.৩০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত ম‍ইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪৫২ খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হ’ব।

শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ, দ্বাদশ তথা পলিটেকনিকৰ ডিপ্ল’মা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে ৮০০ টকাকৈ, স্নাতক পর্যায়, সংহত শিক্ষক শিক্ষণ কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক এহেজাৰ ২৫০ টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলক মাহে আঢ়ৈ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। শিক্ষাৰ্থীসকলক সৰ্বাধিক ১০ মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ’ব। অনুষ্ঠানত শিক্ষার্থী সহায়ক প্ৰয়াসৰো শুভাৰম্ভ কৰা হ’ব।

এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষার্থীসকলক অধ্যয়ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে এহেজাৰ, স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক ৩ হাজাৰ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৫ হাজাৰ টকা প্ৰদান কৰা হ’ব। অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত থাকিব।