মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, কর্মকর্তা তথা কার্যনির্বাহক সদস্যসকলে অংশগ্রহণ কৰে। সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ দৰমহাৰ গাঁঠনি, চাকৰিৰ সুৰক্ষা, আইনী ৰেহাই আদি সন্দৰ্ভত বহু কেইটা প্রস্তাব গ্রহণ কৰা হয়।
তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন যাতে একে হয়, এই সন্দৰ্ভতো আজিৰ সভাত আলোচনা কৰা হয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে টেট বাধ্যতামূলক কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ বাবে বিধিগত ব্যৱস্থা নিৰূপণ কৰিবলৈ চৰকাৰক দাবী জনোৱা হ’ব বুলি কৰ্মচাৰী পৰিষদৰ নেতৃত্বই জানিবলৈ দিয়ে।