● ডাঃ অমিতাভ চৌধুৰী স্মাৰক ন্যাসৰ উদ্যোগত কাইলৈ গুৱাহাটীৰ মাছখোৱা আই টি এ কেন্দ্ৰত দ্বাবিংশতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাৰ আয়োজন কৰা হৈছে। বিয়লি পাঁচ বজাত হ’বলগীয়া এই অনুষ্ঠানত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব্ মেডিকেল চায়েন্স চমুকৈ এইমচৰ প্ৰাক্তন অধ্যাপক তথা বিভাগীয় মুৰববী পদ্মশ্রী ডাঃ ৰণদীপ গুলেৰিয়াই ‘চিকিৎসা বিজ্ঞান আৰু কলাৰ ক্ষেত্ৰত ধাৰণা পৰিৱৰ্তন’ বিষয়ত বক্তৃতা দিব। উল্লেখযোগ্য যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা হৃদ আৰু শৈল চিকিৎসা বিশেষজ্ঞ ডাঃ অমিতাভ চৌধুৰীৰ স্মৃতিত তেওঁৰ পৰিয়ালে প্ৰতি বছৰে এই বক্তৃতানুষ্ঠানৰ আয়োজন কৰি আহিছে।
Assamese | December 18, 2025 12:24 PM | Akashvani | Akashvani Guwahati | Guwahati City | Local news
মাছখোৱা আই টি এ কেন্দ্ৰত দ্বাবিংশতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাৰ আয়োজন