অসম তথা জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ব্ৰিটিছ বিৰোধী সংগ্ৰামত চৰম বলিদান দিয়া দুগৰাকী স্বাভিমানী অসমীয়া মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ আজি পূণ্য তিথি। পূণ্য তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দুগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শ্বহীদ দুগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্রী ড° শৰ্মাই এটা বার্তাযোগে কয়, যে শ্বহীদ দুগৰাকীৰ অসীম সাহস আৰু ত্যাগ সদায় দেশৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী দাসে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয়, যে একেটা দিনতে প্রাণ উচৰ্গা কৰা দুয়োগৰাকী স্বতন্ত্ৰতা সেনানীৰ জাতিৰ প্ৰতি থকা টান আৰু উদ্যম উঠি অহা প্ৰতিটো প্ৰজন্মৰ বাবে অনুকৰণীয় হৈ ৰ’ব। শ্বহীদ দুগৰাকীৰ নাম অসমীয়া ইতিহাসৰ পৃষ্ঠাত সদায় সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব বুলি তেওঁ উল্লেখ কৰে।
Assamese | February 26, 2025 12:38 PM | Maniram Dewan Freedom Fighter
মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ পূণ্য তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দুগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য