ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পৰহিলৈ নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জলবঁটা সমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰ্যালয়ে শ্ৰেষ্ঠ ৰাজ্য, শ্ৰেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্ৰেষ্ঠ নগৰীয়া নিকায়, শ্ৰেষ্ঠ পানী ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজকে ধৰি মুঠ ৯ টা শাখাত ৩৮ গৰাকী বিজেতাৰ নাম ঘোষণা কৰিছে। শ্ৰেষ্ঠ ৰাজ্যৰ শাখাত ওড়িশাই প্রথম স্থান লাভ কৰাৰ বিপৰীতে উত্তৰ প্রদেশে দ্বিতীয় আৰু গুজৰাট আৰু পুডুচেৰীয়ে যুটীয়াভাৱে তৃতীয় স্থান অৰ্জন কৰিছে। প্ৰতিটো শাখাৰ বিজেতাক এখন প্ৰশস্তিপত্ৰ, ট্ৰফী আৰু নগদ ধন প্ৰদান কৰা হ’ব। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, চৰকাৰে জলব্যৱস্থাপনা আৰু জল সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বাত্মক অভিযান ৰূপায়ণ কৰিছে। ৰাষ্ট্ৰীয় জল বঁটাৰ বাবে চৰকাৰৰ জল সমৃদ্ধ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰা বা প্রয়াস চলোৱা ব্যক্তি-সংগঠনক বাচনি কৰা হয়।
Assamese | October 20, 2024 6:16 PM | National Water Awards
মঙলবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জলবঁটা সমূহ প্ৰদান কৰিব