ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰ-পত্ৰ দাখিল উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰ-পত্ৰ দাখিল কৰে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দিল্লীৰ মুখ্য নির্বাচনী বিষয়াৰ লগতে জিলা নির্বাচনী বিষয়া নির্বাচনী পঞ্জীয়ন বিষয়া আৰু বুথ পৰ্যায়ৰ বিষয়াসকলে উপৰাষ্ট্ৰপতি ভৱনত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অধীনত গণনা প্রক্রিয়া সহজ কৰি তুলিছে।

শ্ৰীৰাধাকৃষ্ণনে সকলো যোগ্য ভোটদাতাক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ভাৰতৰ গণতন্ত্র শক্তিশালী কৰাৰ বাবে সঠিক আৰু নতুনকৈ উন্নিত কৰা নিৰ্বাচনী তালিকা অতি প্রয়োজনীয়।