ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীৰ পৃথ্বী ভৱনৰ মুখ্য কাৰ্যালয়ত ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ২০০৬ চনৰ ১৭ জুলাইত প্ৰতিষ্ঠা হোৱা এই মন্ত্ৰ্যালয়টোৱে প্ৰায় দুটা দশকজুৰি ভূ-বিজ্ঞান ব্যৱস্থাপনাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে। ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় কুমাৰ ছুড় এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰনে কয় যে, ১৮ বছৰ ধৰি এই বিভাগটোৱে যথেষ্ট কৃতিত্ব অর্জন কৰি আহিছে। তেওঁ লগতে কয় যে, বিভাগটোৱে বিশেষভাৱে খাদ্য, পানী, শক্তি, স্বাস্থ্য আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়সমূহ তথা এইবোৰৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতিও গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজনীয়।
Assamese | July 27, 2024 9:26 PM | Foundation Day
ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন