তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় সর্ববৃহৎ দেশৰূপে পৰিগণিত হ’ব। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আই এম এফৰ ৱৰ্ল্ড আউটলুক প্ৰতিবেদনত সংকলিত বিকাশ হাৰৰ ভিত্তিত মন্ত্ৰীগৰাকীয়ে কালি কয় যে ভাৰত ৭ শতাংশ বিকাশ হাৰেৰে ২০২৪ বৰ্ষত বিশ্বত সবাতোকৈ দ্রুত বিকাশশীল অর্থব্যৱস্থা হিচাপে পৰিগণিত হৈছে। চীন আনুমানিক ৫ শতাংশ বিকাশ হাৰেৰে দ্বিতীয় স্থানত আছে। প্রায় ২৮ লাখ ৮০ হাজাৰ কোটি ডলাৰৰ মুঠ ঘৰুৱা উৎপাদনেৰে বিশ্বৰ সবাতোকৈ বৃহৎ অৰ্থব্যৱস্থাৰে দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিকাশ হাৰ ২.৬ শতাংশ হোৱাৰ সম্ভাৱনা আছে। দেশখন বিকাশ হাৰৰ দিশৰ পৰা সপ্তম স্থানত আছে।
Assamese | August 28, 2024 10:15 AM | Ashwini Baishnav
ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় সর্ববৃহৎ দেশৰূপে পৰিগণিত হ’ব : কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ