ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ কৃষি সম্পৰ্কীয় যুটীয়া কাৰ্যগোটৰ পঞ্চমখন বৈঠক কালি ভার্চুৱেল পদ্ধতিৰে সম্পন্ন হয়। আলোচনাত কৃষি আৰু সংশ্লিষ্ট ক্ষেত্রসমূহত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাত এই বৈঠকৰ ভূমিকাত দুয়ো পক্ষই আলোকপাত কৰে। কালি আলোচনাৰ মূল বিষয়সমূহৰ ভিতৰত জ্ঞান বিনিময়, গৱেষণাৰ যুটীয়া উদ্যম, সামর্থ বিকাশ তথা বজাৰত প্ৰৱেশৰ দৰে বিষয়সমূহে আগস্থান লাভ কৰে। আলোচনাৰ সময়ত দুয়ো পক্ষই ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু দক্ষিণ আফ্ৰিকাৰ কৃষি গৱেষণা পৰিষদৰ মাজত সহযোগিতা গভীৰ কৰাৰ সুযোগ সন্দৰ্ভতো বিশদভাৱে কথা পাতে। বৈঠকত ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ যুটীয়া সচিব অজিৎ কুমাৰ চাহু আৰু দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰাসৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক থাপছানা মলেপ’ৱে সহ অধ্যক্ষতা কৰে ৷
Assamese | August 27, 2025 12:05 PM | India-South Africa Meeting
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ কৃষি সম্পৰ্কীয় যুটীয়া কাৰ্যগোটৰ পঞ্চমখন বৈঠক সম্পন্ন