ভাৰত আৰু ইজৰাইলৰ মাজত আজিৰে পৰা দ্বিপাক্ষিক বিনিয়োগ চুক্তি কাৰ্যকৰী

ভাৰত আৰু ইজৰাইলৰ মাজত আজিৰে পৰা দ্বিপাক্ষিক বিনিয়োগ চুক্তি কাৰ্যকৰী হৈছে। বিগত বৰ্ষৰ ছেপ্তেম্বৰত এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল।

বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, এই দ্বিপাক্ষিক বিনিয়োগ চুক্তি হৈছে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক অর্থনৈতিক সম্পর্ক শক্তিশালী কৰা তথা সুৰক্ষিত আৰু ভৱিষ্যতৰ বিনিয়োগৰ পৰিবেশ নিশ্চিত কৰাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

এই চুক্তিখনে বিনিয়োগ আৰু বিনিয়োগকাৰীক সুৰক্ষা প্ৰদান কৰিব। এই চুক্তিয়ে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আইনৰ আধুনিক সিদ্ধান্ত আৰু বিকশিত ন্যায় শাস্ত্রকো প্রতিফলিত কৰে। বিত্ত মন্ত্ৰালয়ে এই চুক্তিয়ে সীমান্তৰ ইপাৰৰ বিনিয়োগ কার্যকলাপ বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে ভাৰত আৰু ইজৰাইলৰ মাজৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছে।