ভাৰতে ৰাষ্ট্ৰসংঘত পাকিস্তানে জম্মু-কাশ্মীৰৰ বিষয় উত্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে

ভাৰতে ৰাষ্ট্ৰসংঘত পাকিস্তানে জম্মু-কাশ্মীৰৰ বিষয় উত্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে। ইছলমাবাদ মহলে ৰাষ্ট্ৰসংঘ মঞ্চৰ ৰাজনীতিকৰণ কৰা বুলি অভিযোগ তুলি ভাৰতে কয়, যে পাকিস্তানে সহ-অধ্যক্ষ হিচাপে নিৰপেক্ষ ভূমিকা পালন কৰাৰ পৰিৱৰ্তে পদৰ অপব্যৱহাৰহে কৰিছে।

ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্রতিনিধি আছিম ইফটিকাৰে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিশে সহ-অধ্যক্ষ হিচাপে পাকিস্তানৰ আচৰণৰ সমালোচনা কৰি কয়, যে জম্মু-কাশ্মীৰ সন্দৰ্ভত দেশৰ দীৰ্ঘদিনীয়া স্থিতি দোহাৰে।

তেওঁ কয়, যে জম্মু-কাশ্মীৰৰ বিষয়টো সম্পূৰ্ণৰূপে ভাৰতৰ অভ্যন্তৰীণ বিষয় বুলি তেওঁ মন্তব্য কৰে।