September 15, 2026 12:57 PM | NHAI

printer

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৰাষ্ট্ৰীয় ঘাইপথ হেল্পলাইন সেৱা ১০৩৩ প্রযুক্তিগতভাৱে উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াৰ বৰ্তমানৰ ১০৩৩ ৰাষ্ট্ৰীয় ঘাইপথ হেল্পলাইন সেৱা উন্নত প্রযুক্তিৰে উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় ঘাই পথেৰে যাতায়াত কৰা লোকসকলক দ্রুত আৰু উন্নত সুবিধা প্ৰদান কৰাৰ অৰ্থে এই ব্যৱস্থা লোৱা হৈছে। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ঘাইপথ উন্নীতকৰণ প্ৰক্ৰিয়া কৃত্রিম বুদ্ধিমত্তা, বাস্তৱ সময়ৰ স্থান অনুসৰণ আৰু সক্ৰিয় জৰুৰীকালীন সঁহাৰি ব্যৱস্থাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব। ইয়াৰ জৰিয়তে ১০৩৩ হেল্পলাইনে ফোন কৰা লোকৰ স্থান চিনাক্ত কৰাত সহায় কৰিব। বিভিন্ন ভাৰতীয় ভাষাত কৰা ফোনইন কথা-বতৰা সঠিকভাৱে বুজাৰ লগতে উপযুক্ত স্থানলৈ অধিক ক্ষীপ্ৰতাৰে প্ৰেৰণ কৰিব পাৰিব। সূত্ৰটোৱে লগতে কয়, যে মানৱ অপাৰ্টেৰ সকলে মানৱীয় বিচাৰ আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজনীয়তা থকা জৰুৰীকালীন বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে, ২০১৮ চনত প্ৰৱৰ্তন কৰা ১০৩৩ হেল্পলাইন সপ্তাহৰ সাতোটা দিনতে ২৪ ঘণ্টাই সেৱা আগবঢ়াই আহিছে। ই ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলক জৰুৰীকালীন চিকিৎসা ব্যৱস্থা, বাহনৰ বিজুটি, এম্বুলেন্স, ক্রেন আৰু টহলদাৰী বাহনৰ পৰা সহায় আৰু টোল প্লাজা তথা ফাষ্টটেগ বিষয়ক সমস্যাত সহায় কৰে। এই হেল্পলাইনে এক দশমিক ৪–৬ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সামৰি লৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।