অসম চৰকাৰে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ ঘোষণা কৰাৰে পৰা প্ৰশাসনিক ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধন কৰাৰ লগতে ভালেসংখ্যক প্রশাসনিক বিষয়া নিযুক্তি দিছে। দিছপুৰৰ অসম সচিবালয়ে আজি এখন জাননীৰ জৰিয়তে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে উত্তৰ শালমাৰাৰ সহকাৰী জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উপ-সচিবৰো দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰি কাম-কাজসমূহ আগবঢ়াই নিয়াৰ বাবে এমাহৰ ভিতৰত পৌৰনিগমৰ মুৰব্বী নিযুক্তি দিয়া হ’ব বুলি ইতিপূৰ্বে ঘোষণা কৰিছিল। এই অনুসৰি বিষয়াগৰাকীক নিযুক্তি দিয়া হৈছে।
Assamese | May 26, 2025 7:01 PM | Akashvani News | Assam Secretariate | Dibrugarh
ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা অসম সচিবালয়ৰ জাননীত প্ৰকাশ