May 26, 2025 7:01 PM

views 48

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা অসম সচিবালয়ৰ জাননীত প্ৰকাশ

অসম চৰকাৰে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ ঘোষণা কৰাৰে পৰা প্ৰশাসনিক ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধন কৰাৰ লগতে ভালেসংখ্যক প্রশাসনিক বিষয়া নিযুক্তি দিছে। দিছপুৰৰ অসম সচিবালয়ে আজি এখন জাননীৰ জৰিয়তে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে উত্তৰ শালমাৰাৰ সহকাৰী জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা জয় বিকাশক ডিব্ৰুগড় পৌৰ নিগমৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উপ-সচিবৰো দায়িত্ব দিয়...