ভাৰতীয় নৌসেনাই নতুন দিল্লীত আজি এদিনীয়া জাহাজ নির্মাণ আলোচনা চক্ৰৰ আয়োজন কৰিব। জাহাজ নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণ বিষয়ক আলোচনা চক্ৰখনে চৰকাৰ, ভাৰতীয় নৌসেনা, জাহাজ নির্মাণ কাৰখানা, উদ্যোগ আৰু শিক্ষাবিদসকলক একত্রিত কৰিব। এই অনুষ্ঠানত জাহাজ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন নীতিগত দিশৰ ওপৰত সংহত আৰু উন্নয়নমুখী আলোচনা কৰা হ’ব। এই অনুষ্ঠানৰ সময়ত অংশগ্ৰহণকাৰীসকলে বিশ্বজুৰি কাৰ্যকৰী হৈ থকা ভৱিষ্যত প্ৰযুক্তিসমূহৰ বিষয়ে অন্বেষণ কৰাৰ উপৰি বিশ্বৰ মানদণ্ড পূৰণ কৰিব পৰা জাহাজ যোগান ধৰাৰ ক্ষেত্ৰত ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানা আৰু উদ্যোগে সন্মুখীন হোবা প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বিষয়ে আলোচনা কৰিব।
Assamese | July 23, 2025 12:48 PM | Indian Navy
ভাৰতীয় নৌসেনাৰ উদ্যোগত নতুন দিল্লীত এদিনীয়া জাহাজ নির্মাণ আলোচনা চক্ৰৰ আয়োজন