ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হয়। দলটোৰ ৰাষ্ট্ৰীয় ৰিটার্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰা হয়। প্ৰতিখন ৰাজ্যৰ পৰিষদৰ সদস্যসকল দলটোৰ সভাপতি নিৰ্বাচনৰ বাবে ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। কাইলৈ বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰা হ’ব। দলৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে একমাত্র নীতিন নবীনে মনোনয়ন দাখিল কৰাত তেওঁৱেই সভাপতি নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে সম্প্রতি কেন্দ্রীয় মন্ত্রী জগতপ্রকাশ নাড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শ্ৰীনাড্ডাক ২০১৯ চনত দলটোৰ কাৰ্যকৰী সভাপতি হিচাপে নিয়োজিত কৰা হৈছিল আৰু ২০২০ চনৰ জানুৱাৰীত তেওঁক ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ স্থলাভিষিক্ত কৰা হৈছিল।
Assamese | January 19, 2026 7:26 PM | Akashvani | Akashvani News | BJP | BJP President
ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হয়