ভাৰতীয় অলিম্পক সন্থাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ প্রখ্যাত এথলিট পি টি ঊষা আজি ডিব্ৰুগড়লৈ আহিছে। ডিব্ৰুগড় জিলা সন্থাৰ উদ্যোগত আউটড’ৰ ষ্টেডিয়ামত দৌৰবিদগৰাকীক আজি সম্বর্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লৈ এথলীটগৰাকীক তেওঁৰ উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ উপস্থিতিয়ে নতুন প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিব বুলি মন্তব্য কৰে। পি টি উষাই কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫৬ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
Assamese | March 2, 2025 9:14 PM | IOC President PT Usha
ভাৰতীয় অলিম্পক সন্থাৰ সভাপতি এথলিট পি টি ঊষা ডিব্ৰুগড়ত উপস্থিত