গৃহ মন্ত্ৰ্যালয়ে বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ২৩ জন লোকক সন্ত্রাসবাদী হিচাপে ঘোষণা কৰিছে। এই লোককেইজনৰ ভিতৰত ১৭ জন পাকিস্তানী আৰু ৬ জন ভাৰতীয় নাগৰিক আছে। অৱশ্যে জৈইছ এম মহম্মদ, লস্কৰ-এ-তৈয়ৱা আৰু অন্য সন্ত্ৰাসবাদী সংগঠনৰ জড়িত এই লোককেইজনে বর্তমান পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা কাম-কাজ চলায় আছে।
সন্ত্রাসবাদী হিচাপে ঘোষিত এই লোককেইজন সন্ত্রাসবাদী আক্রমণ সংঘটিত কৰা, অস্ত্ৰ সৰবৰাহ, সীমান্তৰে অনুপ্ৰৱেশ, সন্ত্ৰাসবাদী সংগঠনৰ বাবে পুঁজি আহৰণ আৰু নতুন সদস্যভৰ্তিৰ দৰে ভাৰত বিৰোধী কাৰ্য্যকলাপত জড়িত হৈ আছে। সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ ফলত ৰাষ্ট্ৰীয় তদন্ত সংস্থা- এন আই এৰ লেখীয়া সংস্থাসমূহে এই লোকসকলৰ পুঁজি আহৰণৰ পথ বন্ধ কৰিব পাৰিব আৰু অস্ত্ৰ বিক্ৰীৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰিব।
ইয়াৰ উপৰি তদন্ত সংস্থা সমূহে সন্ত্রাসবাদী হিচাপে ঘোষিত লোকসকলৰ সম্পত্তি জব্দ কৰিব পাৰিব। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে দেশ আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰতিটো সন্ত্রাসবাদী সংগঠনক পুলিয়ে পোখাই উৎখাত কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ ।
কেন্দ্ৰীয় চৰকাৰক সংশোধিত বে-আইনী কাৰ্য্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত কোনো ব্যক্তিক সন্ত্রাসবাদী হিচাপে ঘোষণা কৰাৰ অধিকাৰ অৰ্পণ কৰা হৈছে। আইনখনৰ সংশোধনৰ পাছত চৰকাৰে এতিয়ালৈকে ৮০ জনলোকক সন্ত্রাসবাদী হিচাপে ঘোষণা কৰিছে।