বেংগালুৰুত শিলৰ কুৱেৰিত এটা বৃহৎ গ্রেনাইড শিল বাগৰি পৰি ৭ জন শ্রমিকৰ মৃত্যু

কৰ্ণাটকৰ বেংগালুৰুত এটা শিলৰ কুৱেৰিত এটা বৃহৎ গ্রেনাইড শিল বাগৰি পৰি ৭ জন শ্রমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰাজ্যখনৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে।

সংবাদ মাধ্যমত প্রকাশিত এটা বাতৰি প্ৰকাশ পোৱাৰ পাছত আয়োগে ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰে আৰু দুসপ্তাহৰ ভিতৰত আয়োগে এটা বিস্তৃত প্রতিবেদন বিচাৰিছে।

আয়োগে কয় যে যদিহে বাতৰিতো সঁচা, তেন্তে ই মানৱ অধিকাৰৰ উলংঘনৰ এটা গম্ভীৰ বিষয়। বেংগালুৰুত যোৱা সপ্তাহত এই দুৰ্ঘটনাটো ঘটিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।