July 6, 2026 8:08 PM

views 16

বেংগালুৰুত শিলৰ কুৱেৰিত এটা বৃহৎ গ্রেনাইড শিল বাগৰি পৰি ৭ জন শ্রমিকৰ মৃত্যু

কৰ্ণাটকৰ বেংগালুৰুত এটা শিলৰ কুৱেৰিত এটা বৃহৎ গ্রেনাইড শিল বাগৰি পৰি ৭ জন শ্রমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰাজ্যখনৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে। সংবাদ মাধ্যমত প্রকাশিত এটা বাতৰি প্ৰকাশ পোৱাৰ পাছত আয়োগে ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰে আৰু দুসপ্তাহৰ ভিতৰত আয়োগে এটা বিস্তৃত প্রতিবেদন বিচাৰিছে। আয়োগে কয় যে যদিহে বাতৰিতো সঁচা, তেন্তে ই মানৱ অধিকাৰৰ উলংঘনৰ এটা গম্ভীৰ বিষয়। বেংগালুৰুত যোৱা সপ্তাহত এই দুৰ্ঘটনাটো ঘটিছিল।

December 26, 2025 6:40 PM

views 56

কৰ্ণাটকৰ চিত্ৰদুৰ্গত এখন ব্যক্তিগত বাছ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ পাছত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭ লৈ বৃদ্ধি

কৰ্ণাটকৰ চিত্ৰদুৰ্গত এখন ব্যক্তিগত বাছ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ পাছত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭ লৈ বৃদ্ধি পাইছে। দুর্ঘটনাগ্রস্ত বাছখনৰ চালকজনে আজি পুৱা প্ৰাণ হেৰুৱায়। কালি দুর্ঘটনাটোত ছজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছিল আৰু ২১ জন লোক আহত হৈছিল। বাছখনৰ পৰা পাঁচটা আৰু ট্ৰাকখনৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কৰ্তৃপক্ষই কৈছে যে মৃতদেহৰ ডি এন এ পৰীক্ষাৰ ফলাফলৰ পাছত নিহতসকলৰ পৰিয়ালক মৃতদেহ হস্তান্তৰ কৰা হয়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমায়াই এই দুৰ্ঘটনা...

January 22, 2025 3:06 PM

views 62

কৰ্ণাটকৰ উত্তৰ কন্নড় জিলাত এখন ট্রাক পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰাত কমেও ১০জন লোকৰ মৃত্যু

কৰ্ণাটকৰ উত্তৰ কন্নড় জিলাৰ য়েল্লাপুৰৰ আৰাবেইল ঘাটৰ সমীপত আজি এখন ট্রাক পথৰ কাষৰ দ' খাৱৈত বাগৰি পৰাৰ ফলত কমেও ১০জন লোকে প্রাণ হেৰুৱায় আৰু অন্য ১৬ জন আহত হয়। হাভেৰী জিলাৰ চাভানুৰৰ পৰা কুমটাৰ সাপ্তাহিক পাচলি বজাৰলৈ সামগ্ৰী পৰিবহন কৰি থকা অৱস্থাত এই দুর্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত ৯ জন লোকৰ থিতাতে মৃত্যু হয় আৰু এজনে চিকিৎসালয়ত মৃত্যু বৰণ কৰে। মৃত লোক কেইজন চাভানুৰৰ বাসিন্দা আছিল। আহতসকলক হুবলিৰ কৰ্ণাটক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। ইপিনে, মহাৰাষ্ট্ৰৰ অহিল্যানগৰ জিলাত আজি পুৱা হোৱা আ...

June 28, 2024 2:58 PM

views 53

কৰ্ণাটকৰ হাৱেৰি জিলাত যাত্রীবাহী ট্রেভেলৰে ৰাস্তাৰ কাষত ৰখাই থোৱা ট্রাকত খুন্দা মৰাৰ ফলত ১৩ গৰাকী যাত্ৰীৰ মৃত্যু

কৰ্ণাটকৰ হাৱেৰি জিলাৰ গুন্দনাহাল্লীত এখন যাত্রীবাহী ট্রেভেলৰে ৰাস্তাৰ কাষত ৰখাই থোৱা এখন ট্রাকত খুন্দা মৰাৰ ফলত ১৩গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন চাৰিগৰাকী আহত হয়। নিহতসকলৰ ভিতৰত দুটি শিশুকে ধৰি ৮ গৰাকী মহিলা আছে। পোণে-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাই পথত আজি নিচেই পুৱা এই দুৰ্ঘটনা সংঘটিত হয়। নিহত লোকসকলক শিৱামগা জিলাৰ বুলি জানিব পৰা গৈছে। যাত্ৰীসকলে এটা মন্দিৰ দৰ্শন কৰি ঘূৰি অহাৰ সময়ত এই দুর্ঘটনা সংঘটিত হয়। আহত ৪গৰাকী লোকক হাৱেৰি জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

May 31, 2024 6:44 PM

views 59

কৰ্ণাটকৰ হাছানৰ জে ডি এছৰ সাংসদ প্ৰজ্বল ৰেৱান্নাক যৌন আতিশায্যৰ অভিযোগত গ্ৰেপ্তাৰ

কৰ্ণাটকৰ হাছানৰ জে ডি এছৰ সাংসদ প্ৰজ্বল ৰেৱান্নাক যৌন আতিশায্যৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মিউনিকৰ পৰা কালি নিশা বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত সাংসদগৰাকীক গ্ৰেপ্তাৰ কৰা হয় ৷ বিশেষ অনুসন্ধানকাৰী গোটে প্ৰজ্বল ৰেৱান্নাক নিজৰ জিম্মাত লোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁক আদালতত হাজিৰ কৰা হ'ব । পাছত সাংসদগৰাকীক তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত জেৰা কৰা হ'ব। উল্লেখযোগ্য যে কিছুদিন পূর্বে সাংসদগৰাকীৰ বিতৰ্কিত ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰিত হোৱাৰ পাছত বিশেষ অনুসন্ধানকাৰ...

April 28, 2024 12:37 PM

views 56

মাৰাঠা সম্প্ৰদায় দেশভক্ত আৰু তেওঁলোকে দেশৰ বিকাশৰ বাবে মোদীৰ হাত শক্তিশালী কৰাৰ উচিতঃ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বছৱৰাজ বোম্মাই

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা গাড়াগ হাৱেৰী লোকসভা সমষ্টিৰ বিজেপি প্রার্থী বছৱৰাজ বোম্মাইয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে। তেওঁ কৈছে যে, প্রধানমন্ত্ৰী মাৰাঠা শাসক ছত্রপতি শিৱাজী মহাৰাজৰ নীতি আদৰ্শৰ হকে যুঁজ দি আহিছে। হাৱেৰীত মাৰাঠা সম্প্ৰদায়ৰ বৈঠকত অংশগ্ৰহণ কৰি কালি বিজেপিৰ নেতাগৰাকীয়ে কয় যে, মাৰাঠা সমাজৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্ক আছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছত্রপতি শিৱাজী মহাৰাজৰ অনুগামী বুলি অভিহিত কৰি কয় যে, শিৱাজীয়ে যিধৰণৰ সংঘৰ্ষত ব্ৰতি হৈছিল শ্রীমোদীয়েও একে...

April 2, 2024 12:17 PM

views 71

এদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটকলৈ গৃহমন্ত্রী অমিত শ্বাহ

♦ জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি এদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটকলৈ যাব। মন্ত্ৰীগৰাকীয়ে আজি পুৱা বেংগালুৰুত দলীয় কর্মীসকলক সাক্ষাৎ কৰিব। বিয়লি শ্রীশ্বাহে বাংগালোৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ চান্নাপাটনাত হ'বলগীয়া এটা বোড শ্বত অংশ ল'ব। Read More News :  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থকাৰ আগজাননী  ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত সৈনিক চুবেদাৰ থানেচেইয়াৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ ৰাজ্যত প্রাকৃতিক দু...