কৰ্ণাটকৰ হাছানৰ জে ডি এছৰ সাংসদ প্ৰজ্বল ৰেৱান্নাক যৌন আতিশায্যৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মিউনিকৰ পৰা কালি নিশা বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত সাংসদগৰাকীক গ্ৰেপ্তাৰ কৰা হয় ৷ বিশেষ অনুসন্ধানকাৰী গোটে প্ৰজ্বল ৰেৱান্নাক নিজৰ জিম্মাত লোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁক আদালতত হাজিৰ কৰা হ’ব । পাছত সাংসদগৰাকীক তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত জেৰা কৰা হ’ব। উল্লেখযোগ্য যে কিছুদিন পূর্বে সাংসদগৰাকীৰ বিতৰ্কিত ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰিত হোৱাৰ পাছত বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰা হয়। যোৱা ২৬ এপ্ৰিলত ৰেৱান্নাই বিদেশ অভিমুখে ৰাওনা হয়। ইতিমধ্যে ৰেৱান্নাই নিৰ্বাচিত জন প্ৰতিনিধিৰ বাবে নিৰ্ধাৰিত মুখ্য নগৰ আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনাইছিল আৰু আজি এই আবেদনৰ শুনানি গ্ৰহণৰ দিন ধাৰ্য কৰা হৈছে৷
Assamese | May 31, 2024 6:44 PM | India | Karnataka | Sexual Harassment
কৰ্ণাটকৰ হাছানৰ জে ডি এছৰ সাংসদ প্ৰজ্বল ৰেৱান্নাক যৌন আতিশায্যৰ অভিযোগত গ্ৰেপ্তাৰ