প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা বুধবাৰৰ পৰা পঞ্চদেশীয় ভ্ৰমণ কাৰ্যসূচীৰে ঘানা, ত্রিনিদাদ আৰু তবাগো, আৰ্জেণ্টিনা, ব্রাজিল আৰু নামিবিয়ালৈ যাব। এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব দাম্বু ৰবিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ২ আৰু ৩ জুলাইত ঘানা ভ্ৰমণ কৰিব আৰু এয়া হ’ব ঘানালৈ শ্ৰীমোদীৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। শ্ৰীৰবিয়ে লগতে কয়, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতেও আলোচনাত অংশগ্ৰহণ কৰিব। দুয়োখন ৰাষ্ট্ৰই শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ পৰ্যালোচনা কৰাৰ লগতে অর্থনৈতিক, শক্তি, প্ৰতিৰক্ষা সহযোগিতা আৰু উন্নয়ন সহযোগিতাত অংশীদাৰিত্ব বৃদ্ধি সন্দৰ্ভত আলোচনা কৰিব।
Assamese | June 30, 2025 7:47 PM | Akashvani News | narendra modi | PM Modi | PMO India
বুধবাৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ পঞ্চদেশীয় ভ্ৰমণ কাৰ্যসূচী