বিশ্ব সমুদ্ৰ দিৱস উপলক্ষে পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিঙে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু সাগৰ তথা সাগৰীয় জীৱকুলৰ সুৰক্ষাৰ হ’কে অংগীকাৰবদ্ধ হ’বলৈ আহ্বান জনাইছে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্রীসিঙে কয় যে সমুদ্রই কেৱল সমুদ্ৰ তীৰকে সংযোগ নকৰে বৰঞ্চ বিভিন্ন দেশৰ বিভিন্ন প্ৰজন্মক সংলগ্ন কৰি ৰাখে আৰু সেয়েহে তেওঁ জনসাধাৰণক ভৱিষ্যত প্ৰজন্মৰ বাবে স্বচ্ছ পানীৰ উৎস হিচাপে সমুদ্রসমূহক সুৰক্ষিত কৰি ৰাখিবলৈ অনুৰোধ জনায়।
তেওঁ লগতে পৃথিৱীক এটা সুস্থ গ্ৰহ হিচাপে গঢ় দিবলৈ সকলোকে একেলগে কাম কৰি যাবলৈ আহ্বান জনায়।