ফ্ৰান্সত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত আজি বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক আনুষ্ঠানিকভাৱে স্বীকৃতিপত্ৰ প্ৰদান কৰা হ’ব। এই উদ্দেশ্যে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ৰাজ্য চৰকাৰৰ হৈ আনুষ্ঠানিক স্বীকৃতিপত্র গ্রহণ কৰিবলৈ যোৱানিশা নতুন দিল্লীৰ পৰা ইতিমধ্যে পেৰিছ অভিমুখে ৰাওনা হৈছে। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত সাংবাদিকসকলৰ আগত কয়, যে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্যক্ষেত্র হিচাপে স্বীকৃতি পোৱা চৰাইদেউ মৈদাম অসমৰ গৌৰৱ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউৱে ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰে। এই স্বীকৃতি লাভৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে নতুন দিল্লীত অনুষ্ঠিত বিশ্বৰ ঐতিহ্যক্ষেত্ৰৰ ৪৬ সংখ্যক বৈঠকত আহোম ৰাজত্বৰ ইতিহাস বিজড়িত চৰাইদেউৰ ঐতিহাসিক মৈদামসমূহক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে।
Assamese | January 13, 2025 11:05 AM | Charaideu Maidam
বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক আনুষ্ঠানিকভাৱে স্বীকৃতিপত্ৰ প্ৰদান