বিটিচি প্ৰশাসনে বি টি আৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি, আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ লগতে অসাধু উপায় অৱলম্বন সম্পৰ্কীয় ঘটনাৰ তদন্ত কৰাৰ বাবে এটা মুখ্য তদাৰকী কোষ গঠন কৰিছে। বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বিটিচিৰ সচিবালয়ত আজি অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বৈঠকত দুর্নীতি, উৎকোচ গ্রহণ, কাৰ্যালয়ত পলমকৈ উপস্থিত হোৱাকে ধৰি বিভিন্ন অনিয়মৰ গোচৰ তদাৰক কৰিবলৈ আলোচনা মৰ্মে তদাৰকী কোষ আৰু নিৰীক্ষণ সমিতি এখন গঠনৰো সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে বিটিচিৰ উন্নয়নমূলক কাম-কাজসমূহ ৰূপায়নৰ স্বচ্ছতা ৰক্ষা কৰাটো নিশ্চিত কৰিব।