ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সন্ধিয়া সামৰণি পৰে। বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনে ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰীকে ধৰি বিজেপিৰ অন্যান্য সদস্যই ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নীতিন নবীনৰ নাম আগবঢ়ায়। দলটোৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰা হয়। মনোনয়ন পত্ৰসমূহ দাখিলৰ পাছত বিয়লি ৪ বজাৰ পৰা চালিজাৰি চোৱা হয়। মনোনয়ন দাখিলৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং ছাইনী, মধ্য প্ৰদেশ, গোৱা আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তত প্ৰয়োজন হ’লে কাইলৈ নির্বাচন অনুষ্ঠিত হ’ব। কাইলৈয়ে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব। সম্প্রতি কেন্দ্রীয় মন্ত্রী জগতপ্ৰকাশ নাড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শ্ৰীনাড্ডাক ২০১৯ চনত দলটোৰ কাৰ্যকৰী সভাপতি হিচাপে নিয়োজিত কৰা হৈছিল আৰু ২০২০ চনৰ জানুৱাৰীত তেওঁক ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ স্থলাভিষিক্ত কৰা হৈছিল৷
Assamese | January 19, 2026 7:50 PM | Akashvani | Akashvani News | BJP | Nitin Nabin BJP working President
বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিল