বিগত ১২ বছৰত কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সুৰক্ষা আৰু উন্নত সা-সুবিধা প্ৰদানৰ জৰিয়তে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে প্রকাশ কৰিছে।
সামাজিক মাধ্যমযোগে সভাপতিগৰাকীয়ে কয়, যে আয়কৰ সংস্কাৰৰ মাধ্যমেৰে কৰ ব্যৱস্থাত স্বচ্ছতা অনাৰ ফলত জনসাধাৰণক কৰৰ ক্ষেত্ৰত সকাহ দিয়াকে ধৰি বিভিন্ন আঁচনিৰ জৰিয়তে উন্নয়নৰ পথ প্ৰশস্ত কৰা হৈছে।
উজ্বলা যোজনা, জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানে বুনিয়াদী জীৱন ধাৰণৰ সা-সুবিধাসমূহ নাগৰিকৰ বাবে সহজলভ্য কৰি তুলিছে বুলি তেওঁ কয়।
তদুপৰি প্ৰধানমন্ত্রী আবাস যোজনাই নাগৰিকৰ নিজাকৈ এটা গৃহ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ লগতে আয়ুস্মান ভাৰত যোজনাই স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰিছে বুলি তেওঁ উল্লেখ কৰে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয়, যে এনেধৰণৰ পদক্ষেপৰ জৰিয়তে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ সৱলীকৰণ নিশ্চিত কৰি ভাৰতীয় অর্থনীতিলৈ বৃহৎ অৰিহণা যোগাইছে আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ যাত্ৰা শক্তিশালী কৰি তুলিছে।