বিকশিত ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী ২০২৬ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মত বিনিময়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৪-৩০ বজাত ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী ২০২৬ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। কাৰ্যসূচীত ৪০০ৰ অধিক যুৱক-যুৱতীয়ে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলক প্রতিনিধিত্ব কৰিব।

লাডাখ, হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডৰ ৭৪ খন ভাইব্রেন্ট ভিলেজ সামৰি যোৱা মাহৰ ৪ৰ পৰা ৩০ তাৰিখলৈ দুটা পর্যায়ত এই বিকশিত ভাইব্রেন্ট ভিলেজ কার্যসূচী ২০২৬ৰ আয়োজন কৰা হৈছে।

সমগ্র দেশজুৰি এই কাৰ্যসূচীৰ বাবে অনলাইন কুইজ প্রতিযোগিতাৰ জৰিয়তে প্রায় তিনি লাখৰো অধিক অংশগ্ৰহণকাৰী নিৰ্বাচন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্রহণকাৰীসকলে স্থানীয় লোকসকলৰ সৈতে বসবাস কৰি স্বচ্ছতা অভিযান, চৰকাৰী আঁচনিৰ সজাগতা অভিযান, যুব সন্মিলন, সাংস্কৃতিক বিনিময় কাৰ্যসূচী, বৃক্ষৰোপণ অভিযান, স্থানীয় শিপিনীসকলৰ সৈতে মত বিনিময় কার্যসূচীত ভাগ লয়। 

বিকশিত ভাইব্রেন্ট ভিলেজ কাৰ্যসূচীয়ে অংশগ্রহণকাৰীসকলক ভাৰতৰ সীমান্তবর্তী অঞ্চলসমূহৰ আৰ্থ সামাজিক পৰিৱেশ, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ আকাংক্ষাৰ সৈতে প্রত্যক্ষভাৱে পৰিচয় কৰাই দিয়াৰ লগতে স্থানীয় লোকৰ অংশগ্ৰহণ, ৰাষ্ট্ৰীয় সংহতি আৰু সীমান্তবর্তী গাঁওসমূহৰ কৌশলগত গুৰুত্ব বুজি পোৱাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী বাস্তবায়িত কৰিবলৈ My Bharatৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।