ভাৰতীয় উপকূল ৰক্ষী বাহিনীৰ আই জি চি এছ ৱীৰা নামৰ জাহাজখনে কালি বংগোপসাগৰৰ অন্ধ্ৰপ্ৰদেশ উপকূলৰ পৰা ৯ গৰাকী মাছমৰীয়াক উদ্ধাৰ কৰে। নাৱত জুই লাগি ডুব যোৱাৰ ফলত এই মাছমৰীয়াকেইজন বেয়াকৈ আহত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰি আই জি চি এছ ৱীৰা নামৰ জাহাজখনে কেইঘণ্টামানৰ ভিতৰতে দুৰ্ঘটনাস্থানত উপস্থিত হয় আৰু মাছমৰীয়াকেইজনক জাহাজখনলৈ লৈ আনে। মাছমৰীয়াকেইজনক জাহাজখনতে চিকিৎসকৰ দলে প্রাথমিক চিকিৎসা প্ৰদান কৰে। পাছত আহত মাছমৰীয়াকেইজনক উন্নত চিকিৎসাৰ বাবে বিশাখাপট্টনমত কিং জর্ছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৬ ঘণ্টাৰ ভিতৰতে এই উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰা হয়।
Assamese | April 7, 2024 11:53 AM | Regional News
বংগোপসাগৰৰ অন্ধ্ৰপ্ৰদেশ উপকূলৰ পৰা ৯ গৰাকী মাছমৰীয়াক ভাৰতীয় উপকূল ৰক্ষী বাহিনীৰ উদ্ধাৰ