ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমগ্ৰ দেশত সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হোৱা লোকসকলৰ কৰ্মস্পৃহাক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে চলিত বৰ্ষৰ বৰ্ষাকালৰ এই সময়ছোৱাত প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাসমূহক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। দেশৰ উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, পাঞ্জাৱ আৰু অসমকে ধৰি বিভিন্ন প্ৰান্তৰ পাহাৰীয়া অঞ্চলত হোৱা ডাৱৰ বিস্ফোৰণ আৰু ভৈয়াম অঞ্চলত হোৱা বানৰ ফলত ভালেমান লোকে প্ৰাণ হেৰুওৱাক লৈ ৰাষ্ট্ৰপতিগৰাকীযে দুখ প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে এই দুৰ্যোগৰ সময়ত দেশবাসী ক্ষতিগ্রস্ত লোকসকলৰ সৈতে আছে বুলি মত প্ৰকাশ কৰিছে। তেওঁ এনে ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰত্যাহ্বানসমূহৰ পৰা দেশে পৰিত্ৰাণ পাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।
Assamese | September 5, 2025 8:52 PM | Akashvani News | Droupadi Murmu | President of india
প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমগ্ৰ দেশত সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হোৱা লোকসকলৰ কৰ্মস্পৃহাক ৰাষ্ট্ৰপতি মুৰ্মুৰ প্ৰশংসা