প্ৰধানমন্ত্ৰী অনুসূচীত জাতি অভ্যুদয় যোজনাৰ অধীনত ধেমাজিৰ ১৭৬ টা আত্মসহায়ক গোটলৈ ৫০ হাজাৰ টকাৰ মূলধনী অনুদান বিতৰণ

অনুসূচীত জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী অনুসূচীত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি ধেমাজিত ১৭৬ টা আত্মসহায়ক গোটলৈ ৫০ হাজাৰ টকাৰ মূলধনী অনুদান বিতৰণ কৰা হয়।

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু জিলা মিছন মেনজমেণ্ট ইউনিটৰ ধেমাজি জিলাৰ উদ্যোগত জিলাখনৰ চিলাৰায় ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত আত্মসহায়ক গোটসমূহৰ মাজত এই অনুদান বিতৰণ কৰা হয়।

ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই অনুমোদন পত্ৰসমূৰ বিতৰণ কৰে। এনুষ্ঠানত ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বতোপণ নেওগ, জিলা পৰিষদৰ অধ্যক্ষ ভূপেন চুটীয়া, ধেমাজি নগৰ উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ প্ৰমুখ্য ভালেসংখ্যক লোক উপস্থিত থাকে।