প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানে ভৱিষ্যতে পাৰমাণৱিক অস্ত্ৰৰ পৰা জৈৱ বৈচিত্র্যলৈ আহিব পৰা প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে সাজু হ’বলৈ সকলোকে আহ্বান জনায়। নতুন দিল্লীত সামৰিক নাৰ্চিং সেৱাৰ ১০০ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষণ দি তেওঁ কয় যে ক’ভিড মহামাৰীৰ পাছৰ পৰা এই প্ৰত্যাহ্বান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিৰক্ষাৰ বাবে সাজু হোৱাৰ সময় আহি পৰিছে। কঠোৰ পৰিস্থিতিত চিকিৎসাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা সামৰিক নাৰ্চিং সেৱাৰ প্ৰচেষ্টাকো তেওঁ প্ৰশংসা কৰে। তেওঁ কয় যে সংঘাতৰ সন্মুখৰ শাৰীতেই হওক, অস্থায়ী চিকিৎসালয়তেই হওক, সাগৰত জাহাজত উঠি হওক বা আন অভিযানতেই হওক, সামৰিক নাৰ্চিং সেৱাৰ নিষ্ঠাই আহতসকলক সান্ত্বনা দিয়াৰ লগতে আশা হেৰুৱাই পেলোৱা লোকসকলৰ বাবে আশা কঢ়িয়াই আনে।
Assamese | September 30, 2025 6:25 PM | General Anil Chauhan
প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানৰ ভৱিষ্যতে পাৰমাণৱিক অস্ত্ৰৰ পৰা জৈৱ বৈচিত্র্যলৈ আহিব পৰা প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে সাজু হ’বলৈ সকলোকে আহ্বান