অসম প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহৰ কৱলত পৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত সতর্কতা জাৰি কৰাৰ লগতে স্বাভাৱিক উষ্ণতাতকৈ এইবেলি উষ্ণতা অধিক হোৱা বুলি সদৰি কৰি এই তাপমাত্ৰা অহা ২-৩ দিনলৈ বাহাল থাকিব পাৰে বুলি সম্ভাৱনা প্রকাশ কৰে। বিভাগটোৱে এই গ্ৰীষ্ম প্ৰৱাহৰ পৰা সতৰ্ক হৈ থাকিবলৈ ৰাইজলৈ আহ্বান জনাই শিশু, বয়োজ্যেষ্ঠ, গৰ্ভৱতী মহিলা তথা ৰুগীয়া লোকক বিশেষ সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়ে। ৰাজ্যখনত নিশাৰ ভাগত তাপমাত্রা স্বাভাৱিক তাপমাত্ৰালৈ ৩ৰ পৰা ৫ ডিগ্রী ছেলছিয়াছ অধিক হৈ থাকিব বুলি বিভাগটোৱে সতর্কবাণী জাৰি কৰিছে। ইতিমধ্যে ৰাজ্যিক শিক্ষা বিভাগে স্থানীয় বতৰৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহৰ পাঠদানৰ সময় সালসলনি কৰাৰ নিৰ্দেশ দিছে।
Assamese | June 11, 2025 6:47 PM | Akashvani | Akashvani Guwahati | Assam Heatwave | IMD
প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহৰ কৱলত ৰাজ্যঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাজ্যত সতর্কতা জাৰি