প্রাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে মূল্যবোধ ভিত্তিক ৰাজনীতি আৰু জন-জীৱনত যুৱক-যুৱতীসকলৰ অধিক অংশগ্ৰহণৰ আহ্বান জনাইছে। ৰাজনৈতিক দল সলনি কৰাৰ পূৰ্বে নেতাসকলে মতাদৰ্শৰ প্ৰতি দায়বদ্ধ হৈ থাকিহে নিজৰ পদৰ পৰা পদত্যাগ কৰিব লাগে বুলিও শ্রী নাইডুৱে মন্তব্য কৰে। এই বিষয়ত ৰাষ্ট্ৰীয় বিতৰ্কৰ সুবিধাৰৰ্থে সংবিধানৰ দশম অনুসূচীৰ বিধানসমূহ পুনৰ বিবেচনা কৰা বাবেও প্ৰাক্তন উপ ৰাষ্ট্ৰপতিগৰাকীয়ে পৰামৰ্শ আগবঢ়ায়।
ইয়াৰ পূৰ্বে বিশাখাপট্টনমত জ্যেষ্ঠ সাংবাদিক মা শৰ্মাই ৰচনা কৰা ভেংকইয়া নায়াকুডু নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত ভাষণ দি নাইডুৱে ৰাজনীতিত মূল্যবোধ আৰু নৈতিক মানৰ অৱনতি ঘটাত উদ্বেগ প্রকাশ কৰে৷ তেওঁ ৰাজনৈতিক নেতাসকলক ৰাজহুৱা জীৱনত মৰ্যাদা বজাই ৰাখিবলৈ আৰু ভাষাৰ শালীনতা বজাই ৰাখিবলৈও আহ্বান জনায়। যুৱক-যুৱতীসকলক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ আহ্বান জনাই তেওঁ যুৱপ্ৰজন্মক অনুশাসন, সময়োপযোগীতা আৰু দায়বদ্ধতা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়ে।
ৰাজনৈতিক যাত্ৰাৰ কথা স্মৰণ কৰি শ্ৰী নাইডুৱে কয় যে বিশাখাপট্টনমে তেওঁৰ ৰাজহুৱা জীৱনৰ ভেঁটি স্থাপন কৰিছিল। পিতৃ-মাতৃ আৰু ককাক-আইতাকৰ নিৰ্দেশনাৰ জৰিয়তে সৰুৰে পৰা শিশুৰ মাজত মূল্যবোধৰ বীজ সিঁচাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷