July 13, 2026 5:59 PM

views 2

প্রাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে মূল্যবোধ ভিত্তিক ৰাজনীতি আৰু জন-জীৱনত যুৱক-যুৱতীসকলৰ অধিক অংশগ্ৰহণৰ আহ্বান জনাইছে

প্রাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে মূল্যবোধ ভিত্তিক ৰাজনীতি আৰু জন-জীৱনত যুৱক-যুৱতীসকলৰ অধিক অংশগ্ৰহণৰ আহ্বান জনাইছে। ৰাজনৈতিক দল সলনি কৰাৰ পূৰ্বে নেতাসকলে মতাদৰ্শৰ প্ৰতি দায়বদ্ধ হৈ থাকিহে নিজৰ পদৰ পৰা পদত্যাগ কৰিব লাগে বুলিও শ্রী নাইডুৱে মন্তব্য কৰে। এই বিষয়ত ৰাষ্ট্ৰীয় বিতৰ্কৰ সুবিধাৰৰ্থে সংবিধানৰ দশম অনুসূচীৰ বিধানসমূহ পুনৰ বিবেচনা কৰা বাবেও প্ৰাক্তন উপ ৰাষ্ট্ৰপতিগৰাকীয়ে পৰামৰ্শ আগবঢ়ায়। ইয়াৰ পূৰ্বে বিশাখাপট্টনমত জ্যেষ্ঠ সাংবাদিক মা শৰ্মাই ৰচনা কৰা ভেংকইয়া নায়াকুডু নামৰ গ্ৰন্থখন...

December 25, 2025 11:03 AM

views 37

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুক নতুন দিল্লীৰ অটল স্মৃতি ন্যাস সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত

দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুক নতুন দিল্লীৰ অটল স্মৃতি ন্যাস সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এখন বৈঠকত কালি ন্যাসৰ প্ৰতিষ্ঠাপক সদস্য ৰাম বাহাদুৰ ৰায়ে অন্য সদস্যসকলৰ সৈতে আলোচনা কৰি সভাপতি পদৰ বাবে শ্রীনাইডুৰ নাম প্ৰস্তাৱ কৰে। শেহতীয়াকৈ দেহাৱসান ঘটা বিজয় কুমাৰ মালহোত্ৰাৰ ঠাইত শ্ৰীনাইডুক ন্যাসৰ সভাপতিৰ দায়িত্বভাৰ অৰ্পণ কৰা হয়। সভাপতি হিচাপে ন্যাসৰ পৰিচালনা সমিতিৰ সদস্যসকলক অন্তর্ভুক্ত কৰাৰ উপৰি কাৰ্যকৰী সমিতিৰ সৈতে আ...

August 10, 2025 11:15 AM

views 21

দেশত সেউজ বিপ্লৱৰ গুৰি ধৰা এম. এছ. স্বামীনাথনৰ অৱদানৰ কথা কেতিয়াও পাহৰিব পৰা নাযায় বুলি প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুৰ প্রকাশ

দেশত সেউজ বিপ্লৱৰ গুৰি ধৰা এম. এছ. স্বামীনাথনৰ অৱদানৰ কথা কেতিয়াও পাহৰিব পৰা নাযায় বুলি প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুই প্রকাশ কৰিছে। নতুন দিল্লীত আয়োজিত এম. এছ. স্বামীনাথন শতবার্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্রীনাইডুৱে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, প্ৰফেচাৰ স্বামীনাথন এগৰাকী পৰিকল্পনাকাৰী, বিজ্ঞানী, গৱেষক আৰু সৰ্বোপৰি এগৰাকী মানৱতাবাদী আছিল। এম. এছ. স্বামীনাথনৰ ভৱিষ্যদর্শী কাম-কাজে দেশৰ ভাগ্য সলনি কৰা বুলি শ্ৰীনাইডুৱে উল্লেখ কৰে। তেওঁ কয়, যে যি সময়ত দেশ খাদ্য অভাৱ...