প্রবোধ চন্দ্ৰ শৰ্মা স্মাৰক ন্যাসৰ উদ্যোগত কালি অংগদানৰ সজাগতা শীৰ্ষক এটা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ দিছপুৰৰ লাষ্ট গেটত অৱস্থিত লোক নিৰ্মাণ বিভাগৰ কনভেনছন চেণ্টাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত অংগ আৰু চকু দানৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা, প্রচলিত ভুল ধাৰণাসমূহ দূৰ কৰা আৰু অংগদানৰ জৰিয়তে আনৰ জীৱন ৰক্ষা তথা দৃষ্টি শক্তি ঘূৰাই অনাৰ সম্ভাৱনাৰ বিষয়ে জনসাধাৰণক উৎসাহিত কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। অনুষ্ঠানত বিশিষ্ট চকু চিকিৎসক তথা অসম বৈভব সন্মানেৰে সন্মানিত ডাঃ হৰ্ষ ভট্টাচাৰ্য আৰু গুৱাহাটীৰ ৰিজিঅনেল অৰ্গেন এণ্ড টিচ্যু ট্রান্সপ্লান্ট অর্গানাইজেছনৰ সঞ্চালক ডাঃ কনকেশ্বৰ ভূঞা উপস্থিত থাকে। দুয়ো গৰাকী চিকিৎসকে অংগদানৰ গুৰুত্ব, চকু দানৰ তাৎপৰ্য আৰু দান প্ৰক্ৰিয়াৰ চিকিৎসা তথা ব্যৱহাৰিক দিশসমূহৰ বিষয়ে মতামত আগবঢ়ায়। অংগদান সন্দৰ্ভত অধিক সজাগতা সৃষ্টি কৰি এখন মানৱীয় সমাজ গঢ়ি তোলাত এই পদক্ষেপে সহায় কৰিব বুলি ন্যাসে আশা প্রকাশ কৰে।
Assamese | October 27, 2026 12:03 PM | Prabudh sarma
প্রবোধ চন্দ্ৰ শৰ্মা স্মাৰক ন্যাসৰ উদ্যোগত অংগদানৰ সজাগতা শীৰ্ষক সজাগতা কাৰ্যসূচী অনুষ্ঠিত