ধেমাজি চিলাপথাৰৰ নিবাসী, চিচি চাৰিআলিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা প্রবীন ক্রীড়াবিদ টিপেশ্বৰ গগৈৰ যোৱা নিশা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। চিলাপথাৰ সাহিত্য সভা, চিলাপথাৰ নগৰ উন্নয়ন সমিতিৰ সৈতে জড়িত প্ৰয়াত গগৈৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
Assamese | June 3, 2025 8:20 PM | Akashvani Guwahati | Akashvani News | Local news
প্রবীন ক্রীড়াবিদ টিপেশ্বৰ গগৈৰ মৃত্যু