প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনি দিনীয়া গুজৰাট ভ্রমণসূচীৰে কালি বিয়লি জামনগৰত উপস্থিত হয়। শ্ৰী মোদীয়ে আজি আৰু কাইলৈ ভালেমান অনুষ্ঠানত অংশ ল’ব। শ্রী মোদীয়ে আজি পশুধন উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰ ৱনতাৰা পৰিদৰ্শন কৰিব। ইয়াৰ পাছত শ্ৰী মোদীয়ে সোমনাথ মন্দিৰত পূজা-অৰ্চনা কৰিব আৰু সোমনাথ ন্যাসৰ বৈঠকত পৌৰহিত্য কৰিব। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী এই ন্যাসৰ অধ্যক্ষৰো দায়িত্বত আছে। শ্ৰী মোদীয়ে কাইলৈ পুৱা গীৰ ৰাষ্ট্ৰীয় উদ্যানলৈ যাব। তাত তেওঁ পদেন অধ্যক্ষ হিচাপে ৰাষ্ট্ৰীয় বন্যপ্রাণী পৰিষদৰ সপ্তম বৈঠকত অধ্যক্ষতা কৰিব ৷ ৰাষ্ট্ৰীয় বন্যপ্রাণী পৰিষদত স্থল সেনাধ্যক্ষ, বিভিন্ন ৰাজ্যৰ সদস্য, বন্যপ্রাণী ক্ষেত্ৰত কাম কৰা অনাচৰকাৰী সংস্থাসমূহৰ প্রতিনিধি, মুখ্য বন্যপ্রাণী ৱাৰ্ডেন আৰু কেইবাখনো ৰাজ্যৰ সচিব সহ মুঠ ৪৭ গৰাকী সদস্য আছে।
Assamese | March 2, 2025 11:29 AM | PM Modi Gujarat visit
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনি দিনীয়া গুজৰাট ভ্রমণসূচীৰে জামনগৰত উপস্থিত