প্রধানমন্ত্রী ফচল বীমা যোজনা ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত শীর্ষস্থান লাভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্রকাশ কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰে কৃষক কল্যাণৰ সংকল্পক সাৰথি কৰি অসমৰ কৃষি খণ্ডই এই উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে। সময়মতে অধিসূচনা, ৰাজসাহায্য প্রদান, ফচল বীমাৰ পৰিসৰ বৃদ্ধি, প্ৰযুক্তিৰ সফল ব্যৱহাৰ, দাবী নিস্পত্তি আৰু কৃষকৰ অভিযোগৰ সময়মতে সমাধান, সকলো দিশতে লাভ কৰা এই সফলতা কৃষকসকলৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতিফলন বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।
কৃষিমন্ত্রী পীযুষ হাজৰিকাই প্রধানমন্ত্রী ফচল বীমা যোজনা ৰূপায়ণত অসমৰ সাফল্যৰ বিষয়ে সামাজিক মাধ্যমত প্রকাশ কৰিছে। এই যোজনা প্রধানমন্ত্রীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কৃষকৰ শস্য আৰু জীৱিকাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা এখন বিশেষ অভিলাসী আঁচনি বুলি কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।