প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছৰ জৰিয়তে ভাৰতবৰ্ষক বিষয়বস্তুৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যম যোগে কয়, যে ভাৰতে নিজকে বিশ্বৰ সৃজনশীল শক্তিৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে ভেটি গঢ়ি তুলিছে। বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলনে বিশ্বৰ আগশাৰীৰ সংবাদ গোষ্ঠীৰ মুখ্য কাৰ্যবাহী বিষয়া, মনোৰঞ্জন আৰু সৃজনশীল ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক একেখন মঞ্চত উপবিষ্ট কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৱেভছ সন্মিলনৰ পৰামৰ্শ পৰিষদৰ সৈতে বৈঠকত মিলিত হৈছিল। ভাৰতে ১ৰ পৰা ৪ মে’লৈ মুম্বাইত ৱেভছ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে।
Assamese | February 9, 2025 11:19 AM | Ashwini Baishnav
প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছৰ জৰিয়তে ভাৰতবৰ্ষক বিষয়বস্তুৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ