■ কেন্দ্ৰীয় চৰকাৰে সদ্য প্ৰয়াত পোপ ফ্ৰান্সিছৰ সন্মানার্থে দেশত তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি আজি আৰু কাইলৈ দুদিন তথা তেওঁৰ শেষকৃত্য সম্পন্ন কৰাৰ দিনটোত ৰাষ্ট্ৰীয় শোক পালন কৰা হ’ব। এই সময়ছোৱাত দেশত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হ’ব আৰু কোনোধৰণৰ চৰকাৰী বিনোদনধৰ্মী কাৰ্যসূচীৰ আয়োজন কৰা নহ’ব।
Assamese | April 22, 2025 12:27 PM | Akashvani News | India Govt. | Pope Francis
পোপ ফ্ৰান্সিছৰ সন্মানার্থে দেশত ৩ দিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰাৰ কথা ঘোষণা কেন্দ্ৰৰ