April 26, 2025 9:11 PM

views 66

পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰীয়া মেইগীগোৰ বেছিলিকাত সম্পন্ন

বিশ্বৰ ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰব্বী পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰীয়া মেইগীগোৰ বেছিলিকাত সম্পন্ন কৰা হয়। বিভিন্ন ৰীতি-নীতিৰে সম্পন্ন হোৱা দুঘণ্টাজোৰা এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্রপ্রধানসহ ২.৫০ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷ যোৱা ২১ এপ্ৰিলত পোপ ফ্ৰান্সিছৰ দেহাৱসান ঘটিছিল। পোপ ফ্ৰান্সিছৰ প্ৰতি সন্মান জনাই ভাৰতে ২২, ২৩ এপ্ৰিল আৰু আজি ৩ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণ...

April 26, 2025 8:14 PM

views 58

বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন

বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন হয়। ভেটিকান চিটীৰ ছেইণ্ট পিটাৰ্ছ স্কুৱেৰৰ পৰা ভাৰতীয় সময় অনুসৰি আজি দিনৰ ১.৩০ বজাত আৰম্ভ হোৱা শেষযাত্ৰাত ২ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। শেষকৃত্য কাৰ্যসূচীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প, ফ্ৰান্...

April 26, 2025 6:57 PM

views 71

পোপ ফ্ৰান্সিছৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাধিস্থ কৰিবলগীয়া পোপ ফ্ৰান্সিছৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে সমাজৰ প্ৰতি আগবঢ়াই যোৱা সেৱাৰ বাবে পোপ ফ্রান্সিছক সমগ্ৰ বিশ্বই মনত ৰাখিব। ভাৰতবাসীৰ হৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পোপ ফ্রান্সিছক ভেটিকান চিটিত শ্রদ্ধাঞ্জলি জনাব বুলিও প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে।

April 26, 2025 12:22 PM

views 50

বিশ্বৰ ৰোমান কেথলিক চার্চ মুৰব্বী পোপ ফ্রান্সিছৰ আজি শেষকৃত্য, উপস্থিত থাকিব কেইবাগৰাকীও ৰাষ্ট্ৰপ্ৰধান

বিশ্বৰ ৰোমান কেথলিক চার্চ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন কৰা হ'ব। ভেটিকান চিটীৰ ছেইণ্ট পিটাৰ্ছ স্কোৱেৰত ভাৰতীয় সময় অনুসৰি আজি দিনৰ ডেৰ বজাত শেষকৃত্য কাৰ্যসূচী আৰম্ভ হ'ব। এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিৰ লগতে সাধাৰণ জনতাই অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰিব। শেষকৃত্য কার্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া বিশ্বৰ নেতাসকলৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনা...

April 22, 2025 8:17 PM

views 57

অহা শনিবাৰে পোপ ফ্রান্সিছৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন

পোপ ফ্রান্সিছৰ অন্ত্যেষ্টিক্রিয়া অহা শনিবাৰে সম্পন্ন কৰা হ'ব। ৰোমৰ বেচিলিকা অৱ মেৰী মেজৰ গীৰ্জাঘৰত অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্য্যসূচী অনুষ্ঠিত হ'ব। বিশ্বৰ ভালেমান নেতা আৰু বিদেশী ৰাষ্ট্ৰৰ বিশিষ্ট ব্যক্তিয়ে পোপগৰাকীৰ অন্ত্যেষ্টিক্রিয়াত অংশগ্ৰহণ কৰিব। ১২ বছৰীয়া পোপৰ পদবীত থকা কালছোৱাৰ তেওঁৰ বাসগৃহ ছেপেল অৱ দ্যা ছাণ্টা মাৰ্টাত সম্প্ৰতি তেওঁৰ মৃতদেহ ৰখা হৈছে। ৰাইজৰ দৰ্শনার্থে কাইলৈ তেওঁৰ কফিন ভেটিকান চিটিৰ ছেণ্ট পিটাৰ্ছ বেচিলিকালৈ নিয়া হ'ব। পৰম্পৰা অনুসৰি, মৃত্যুৰ পাছত পোপসকলক ভেটিকানৰ ছেণ্ট পিটাৰ...

April 22, 2025 12:27 PM

views 64

পোপ ফ্ৰান্সিছৰ সন্মানার্থে দেশত ৩ দিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰাৰ কথা ঘোষণা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে সদ্য প্ৰয়াত পোপ ফ্ৰান্সিছৰ সন্মানার্থে দেশত তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি আজি আৰু কাইলৈ দুদিন তথা তেওঁৰ শেষকৃত্য সম্পন্ন কৰাৰ দিনটোত ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব। এই সময়ছোৱাত দেশত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হ'ব আৰু কোনোধৰণৰ চৰকাৰী বিনোদনধৰ্মী কাৰ্যসূচীৰ আয়োজন কৰা নহ'ব।

April 21, 2025 8:19 PM

views 67

পোপ ফ্রান্সিছৰ পৰলোকপ্ৰাপ্তি

দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা পোপ ফ্রান্সিছৰ আজি পৰলোকপ্ৰাপ্তি ঘটে। ভেটিকান ছিটিৰ কেচা ছান্তা মার্তাস্থিত নিজা বাসগৃহত দেহাৱসান ঘটা পোপ ফ্ৰান্সিছৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৮ বছৰ। পোপ হিচাপে ১২ বছৰীয়া কাৰ্যকালত তেওঁ কেইবাটাও স্বাস্থ্য সংক্রান্তীয় জটিলতাত ভোগাৰ পিছত যোৱা কেইবাসপ্তাহ ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছিল। কেথলিক গীৰ্জাক পুনৰ গঠন কৰা দৰিদ্ৰ লোকসকলৰ কণ্ঠস্বৰ হিচাপে জনাজাত পোপ ফ্রান্সিছে প্ৰথমগৰাকী লেটিন-আমেৰিকান হিচাপে ২০১৩ চনত পোপৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ফ্ৰান্সিছ গীৰ্জাৰ ইতিহাসৰ আটাই...