পুনৰ নিৰ্মাণ কৰি উলিওৱা পাণবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় অহা ১৬ নৱেম্বৰত মুকলি কৰা হ’ব। স্বাস্থ্য মন্ত্রী অশোক সিংহলে আজি পুৱা চিকিৎসালয়খন পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে।
৮৬০ খন বিচনাযুক্ত চিকিৎসালয়খনৰ বিভাগসমূহ, বিভিন্ন যন্ত্রপাতি তথা অন্যান্য সা-সুবিধাসমূহো মন্ত্ৰীগৰাকীয়ে পৰ্যৱেক্ষণ কৰে। তেওঁ বিভাগীয় বিষয়া তথা চিকিৎসকসকলৰ সৈতে মত বিনিময় কৰে।
ইয়াৰ পাছতে শ্ৰী সিংহলে সংবাদ মাধ্যমৰ আগত কয়, যে অহা ১৬ নৱেম্বৰত মুকলি কৰিবলগীয়া মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৭টা বিভাগৰ বাহিৰে বাকী বিভাগসমূহ স্থানান্তৰ কৰা হ’ব।
অত্যাধুনিক চিকিৎসা ব্যৱস্থা আৰু সুলভ ঔষধৰ বাবে অমৃত ফাৰ্মাচীৰে সমৃদ্ধ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালে অসমৰ স্বাস্থ্য সেৱা খণ্ডত নতুন অধ্যয়ৰ সূচনা কৰিব বুলি মন্ত্ৰী শ্ৰী সিংহলে আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে, মন্ত্রী শ্রী সিংহলে কয়, যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখন ভাঙি পুনৰ নতুনকৈ নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ বাবে প্ৰায় তিনি বছৰ সময়ৰ প্ৰয়োজন হ’ব।