October 26, 2026 6:43 PM
10
পুনৰ নিৰ্মাণ কৰি উলিওৱা পাণবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় ১৬ নৱেম্বৰত মুকলি কৰা হ’ব
পুনৰ নিৰ্মাণ কৰি উলিওৱা পাণবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় অহা ১৬ নৱেম্বৰত মুকলি কৰা হ'ব। স্বাস্থ্য মন্ত্রী অশোক সিংহলে আজি পুৱা চিকিৎসালয়খন পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে। ৮৬০ খন বিচনাযুক্ত চিকিৎসালয়খনৰ বিভাগসমূহ, বিভিন্ন যন্ত্রপাতি তথা অন্যান্য সা-সুবিধাসমূহো মন্ত্ৰীগৰাকীয়ে পৰ্যৱেক্ষণ কৰে। তেওঁ বিভাগীয় বিষয়া তথা চিকিৎসকসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছতে শ্ৰী সিংহলে সংবাদ মাধ্যমৰ আগত কয়, যে অহা ১৬ নৱেম্বৰত মুকলি কৰিবলগীয়া মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ গুৱাহাটী চিকিৎসা মহাবিদ...