বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে পাকিস্তানৰ চহৰ নগৰৰ পৰাই সন্ত্ৰাসবাদী সংগঠনসমূহে প্রত্যক্ষভাৱে ভাৰত বিৰোধী অভিযানত জড়িত হৈ আছে। তেওঁ কয়, যে পাকিস্তানত সন্ত্ৰাসবাদ হৈছে মুকলি ব্যৱসায়। এই ব্যৱসায়ত পাকিস্তানৰ সামৰিক আৰু অসামৰিক সকলো পক্ষ জড়িত হৈ থাকে। জাৰ্মানীৰ এখন বাতৰি কাকতৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কথা উল্লেখ কৰি জয়শংকৰে আৰু কয়, যে ভাৰত বিৰোধী শক্তিলৈ দেশে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যাতে ভৱিষ্যতে যিকোনো আক্ৰমণৰ পূৰ্বে সেই শক্তিয়ে পুনৰ চিন্তা কৰি চাবলগীয়া হয়।
Assamese | May 26, 2025 9:12 PM | Akashvani | Akashvani News | Dr. S Jaysankar | Jaysankar
পাকিস্তানৰ চহৰ নগৰৰ পৰাই সন্ত্ৰাসবাদী সংগঠনসমূহে প্রত্যক্ষভাৱে ভাৰত বিৰোধী অভিযানত জড়িত হৈ আছেঃ ড০ এছ জয়শংকৰ