পঞ্চম বীৰগাঁথাৰ ১০০ গৰাকী বিজয়ীক সম্বৰ্ধনা

প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠ আৰু শিক্ষা ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে আজি পঞ্চম বীৰগাঁথাৰ ১০০ গৰাকী বিজয়ীক সম্বৰ্ধনা জনায়। ১৮ খন দেশৰ ৯১ খন বিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ তিনিটা শাখাৰ অধীনত বিজয়ীসকলক নিৰ্বাচিত কৰা হয়। প্ৰতিগৰাকী বিজয়ীয়ে নগদ ১০ হাজাৰ টকা লাভ কৰাৰ লগতে গণৰাজ্য দিৱসৰ কৰ্তব্যপথত আয়োজিত কাৰ্যসূচীত বিশেষ অতিথি হিচাপে প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰিব। ২০২১ চনত আৰম্ভ কৰা বীৰগাঁথাত এই বছৰ প্ৰায় এক লাখ ৯২ হাজাৰ বিদ্যালয়ৰ প্ৰায় এক কোটি ৯২ লাখ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। প্ৰতিৰক্ষা আৰু শিক্ষা মন্ত্ৰালয়ৰ যৌথ উদ্যোগত পঞ্চম বীৰগাঁথা বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী শ্ৰী শেঠে ২০৪৭ত ভাৰতক বিশ্বৰ নেতা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ বিজয়ীসকলৰ প্ৰতি আহ্বান জনায়। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে তেওঁ বেটী বাচাও, বেটী পঢ়াও পদক্ষেপৰ সফলতাৰ কথা উল্লেখ কৰি কয়, যে বিজয়ীসকলৰ তিনিভাগৰ ভিতৰত দুভাগেই হৈছে ছাত্রী।
শিক্ষা ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে কয়, যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিজয়ীসকলে এই অনুষ্ঠানত দেশৰ বৈচিত্র্যতাক প্ৰতিফলিত কৰিছে। তেওঁ যুৱ প্ৰজন্মক বিকশিত ভাৰতৰ লক্ষ্যৰে সামাজিক সেৱা আৰু প্ৰজ্ঞাৰে আগুৱাই যাবলৈ আহ্বান জনায়৷