■ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে। প্ৰকল্পটোৰ প্ৰথমটো ইউনিটত বিজুতি ঘটাৰ পাছত দ্বিতীয়টো ইউনিটৰ জৰিয়তে কালি সফলভালে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কার্যক আদৰণি জনাই কয়, যে এই প্রকল্পই লাখ লাখ লোকৰ বাবে বিশুদ্ধ শক্তিৰ উৎপাদনেৰে দেশৰ শক্তি নিৰাপত্তাক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰাৰ লগতে অসমৰ বিকাশৰ ধাৰাত ইন্ধন যোগাব। উল্লেখযোগ্য যে বিভিন্ন দল সংগঠনৰ বিৰোধিতাৰ মাজত ২৬ হাজাৰ ৭৫ কোটি টকা ব্যয় সাপেক্ষে এই দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন বৃহৎ নদী বান্ধটো নিৰ্মাণ কৰা হৈছে।
Assamese | December 5, 2025 12:02 PM | Akashvani | Akashvani Guwahati | Electricity Project | NHPC
নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ