December 5, 2025 12:02 PM

views 105

নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ

■ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে। প্ৰকল্পটোৰ প্ৰথমটো ইউনিটত বিজুতি ঘটাৰ পাছত দ্বিতীয়টো ইউনিটৰ জৰিয়তে কালি সফলভালে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কার্যক আদৰণি জনাই কয়, যে এই প্রকল্পই লাখ লাখ লোকৰ বাবে বিশুদ্ধ শক্তিৰ উৎপাদনেৰে দেশৰ শক্তি নিৰাপত্তাক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰাৰ লগতে অসমৰ বিকাশৰ ধাৰাত ইন্ধন যোগাব। উল্লেখযোগ্য যে বিভিন্ন দল সংগঠনৰ বিৰোধিতাৰ মাজত ২৬ হাজাৰ ৭৫ কোটি টকা ব্যয় সাপেক্ষে এই দুহেজাৰ মে...

June 3, 2025 8:16 PM

views 60

ধেমাজিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

নীপকোৱে ৰঙানদী বান্ধৰ অতিৰিক্ত পানী আকস্মিকভাৱে মুকলি কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত লখিমপুৰত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ পাছত আজি ধেমাজিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ধেমাজি নগৰৰ ৰাজপথত আজি ৰাইজৰ দলৰ নেতৃত্বত জাতীয় যুৱ বাহিনী আৰু জাতীয় নাৰী বাহিনীৰ সদস্যই প্ৰতিবাদ কৰে। প্ৰতিবাদকাৰীসকলে এন এইচ পি চিৰ বৃহৎ নদীবান্ধৰ উপৰি অৰুণাচল প্ৰদেশত নির্মীয়মান ১৩৪ টা নদীবান্ধৰ কাম শীঘ্ৰেই বন্ধ কৰি দিয়াৰ দাবী জনায়।

March 18, 2025 12:20 PM

views 47

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত অহা মাহৰ পৰা এন এইছ পি চি বিদ্যুৎ উৎপাদনৰ প্ৰস্তুতি

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত অহা মাহৰ দ্বিতীয় সপ্তাহৰ পৰা এন এইছ পি চিয়ে বিদ্যুৎ উৎপাদন কৰাৰ বাবে সাজু হৈছে। দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন জলবিদ্যুৎ প্রকল্পটোৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এন এইচ পি চিয়ে প্রথম পৰ্যায়ত প্ৰকল্পটোৰ তিনিটা ইউনিট কার্যক্ষম কৰি ৭৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব। ১১ নাইবা ১২ এপ্ৰিলৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ কৰি ২০২৬-২৭ বৰ্ষৰ পৰা প্ৰকল্পটোৰ আটাইকেইটা ইউনিট কার্যক্ষম কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। প্ৰকল্প নিৰ্মাণকাৰী সংস্থাটোৱে অহা মাহত বিদ্যুৎ উৎপাদন ক...

March 5, 2025 12:05 PM

views 53

নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৯৬ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাবুলি নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ প্ৰকাশ

ধেমাজি জিলাৰ গেৰুকামুখত নির্মীয়মান নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৯৬ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ২০০০ মেগাৱাট শক্তিসম্পন্ন এই প্ৰকল্পটোৰ মুঠ ৮ টা টার্বাইনৰ ভিতৰত ৪ টা টার্বাইন সম্পূর্ণ হৈ উঠিছে আৰু অহা মাহৰ পৰা প্ৰকল্পটোৰ প্ৰতিটো গোটে ২৫০ মেগাৱাটকৈ বিদ্যুৎ শক্তি উৎপাদন কৰিব। ১১৬ মিটাৰ উচ্চতাৰ বিজার্ভাৰটো ইতিমধ্যে ৫১ মিটাৰ পানীৰে পূৰ্ণ হৈছে আৰু ৪৫ মিটাৰ পানী পূৰ্ণ হ'লে টার্বাইনসমূহ ঘূৰাব পৰা যাব বুলি নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সূত্ৰই প্ৰকাশ কৰিছে। এন এইচ পি চি কৰ্তৃপক্ষৰ তথ্য অনুসৰি এ...