ধেমাজি জিলাৰ গেৰুকামুখত নির্মীয়মান নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৯৬ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ২০০০ মেগাৱাট শক্তিসম্পন্ন এই প্ৰকল্পটোৰ মুঠ ৮ টা টার্বাইনৰ ভিতৰত ৪ টা টার্বাইন সম্পূর্ণ হৈ উঠিছে আৰু অহা মাহৰ পৰা প্ৰকল্পটোৰ প্ৰতিটো গোটে ২৫০ মেগাৱাটকৈ বিদ্যুৎ শক্তি উৎপাদন কৰিব। ১১৬ মিটাৰ উচ্চতাৰ বিজার্ভাৰটো ইতিমধ্যে ৫১ মিটাৰ পানীৰে পূৰ্ণ হৈছে আৰু ৪৫ মিটাৰ পানী পূৰ্ণ হ‘লে টার্বাইনসমূহ ঘূৰাব পৰা যাব বুলি নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সূত্ৰই প্ৰকাশ কৰিছে। এন এইচ পি চি কৰ্তৃপক্ষৰ তথ্য অনুসৰি এই প্ৰকল্পৰ পৰা অসমে মুঠ ৫৩৩ মেগাৱাট শক্তি লাভ কৰিব যদিও ইয়াৰে ২৫ মেগাৱাট বিদ্যুৎ শক্তিহে বিনামূলীয়াকৈ লাভ কৰিব। অৰুণাচল প্রদেশে ২৭৪ মেগাৱাট শক্তি লাভ কৰিব আৰু ইয়াৰ ভিতৰত ২৪০ মেগাৱাট বিনামূলীয়াকৈ লাভ কৰিব।
Assamese | March 5, 2025 12:05 PM | NHPC
নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৯৬ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱাবুলি নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ প্ৰকাশ