নাগৰিকৰ সক্ৰিয় অংশগ্রহণ, সামুহিক দায়ৱদ্ধতা আৰু সমাজৰ প্ৰতি থকা নিষ্ঠাই দেশ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। নতুন দিল্লীত বিকশিত ভাৰতৰ বাবে নাগৰিকৰ কৰ্তব্য শীৰ্ষক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি প্রাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আজি এইদৰে প্ৰকাশ কৰে।
তেওঁ কয়, বিকশিত ভাৰত হৈছে এক সমূহীয়া দৃষ্টিভংগী, যিয়ে প্ৰতিগৰাকী ব্যক্তিক সমাজ শক্তিশালী কৰা, নাগৰিকৰ মূল্যবোধ ৰক্ষা কৰা আৰু দেশৰ প্ৰগতিত অৰিহণা যোগাবলৈ আহ্বান জনায়।
বিশ্ব প্ৰগতিৰ দিশত অগ্ৰসৰ হোৱাৰ লগে লগে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ নিষ্ঠাৱান প্ৰচেষ্টা আৰু সামুহিক দায়ৱদ্ধতাৰ দ্বাৰা ভাৰতো প্ৰগতিৰ দিশে আগবাঢ়িছে বুলি তেওঁ প্ৰকাশ কৰে।
শ্ৰীনাইডুৱে লগতে সামাজিক শৃংখলাৱদ্ধতা অটুট ৰখা আৰু সামাজিক সম্প্রীতি শক্তিশালী কৰাৰ বাবে সামুহিক দায়ৱদ্ধতাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। পৰিয়াল আৰু শিক্ষানুষ্ঠানৰ ভূমিকা সন্দৰ্ভত তেওঁ কয়, যে শিশুৰ মাজত সততা, অনুশাসন, সহানুভূতি আৰু কৰ্তব্যবোধ জাগ্ৰত কৰাৰ বাবে বিদ্যালয়ৰ পাঠ্যক্ৰমত নৈতিক শিক্ষাৰ গুৰুত্ব আছে।
বিকশিত ভাৰতৰ দৃষ্টিভংগীয়ে অৰ্থনৈতিক বিকাশৰ লগতে সামাজিক ন্যায়, পৰিৱেশ সুৰক্ষা, জাতীয় ঐক্য আৰু বিশ্বশান্তিও সামৰি ল’ব লাগিব বুলি শ্রীনাইডুৱে উল্লেখ কৰে।